ফুচুলাই নি নাবালিকাক ধৰ্ষণ অতুলৰ

ডিজিটেল ডেস্কঃ ধুবুৰীৰ তামাৰহাটত নাবালিকা ধৰ্ষণত অভিযুক্তক গ্ৰেপ্তাৰ৷ ৰামনাথ পাৰাৰ অতুল বিশ্বাস নামৰ পাষণ্ডটোৱে কিশোৰীগৰাকীক ফুচুলাই নি ধৰ্ষণ কৰে৷ এই ঘটনা লুকুৱাই ৰাখিবলৈ কিশোৰীগৰাকীক হত্যাৰ ভাবুকিও দিয়ে পাষণ্ডটোৱে৷ পাছত কিশোৰীগৰাকীয়ে মাতৃক এই কথা অৱগত কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে৷ কিশোৰীগৰাকীৰ মাতৃয়ে পাষণ্ড অতুলক এই বিষয়ত প্ৰশ্ন কৰাত তেওঁকো হত্যাৰ ভাবুকি দিয়ে নৰাধমটোৱে৷

উপায়হীন হৈ ধৰ্ষিতাৰ মাকে তামাৰহাট থানাত অতুলৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ৷ মাতৃৰ এজাহাৰ ভিত্তিত তামাৰহাট আৰক্ষীয়ে প’স্কো আইনৰ অধীনত অভিযুক্ত আতুল বিশ্বাসক গ্ৰেপ্তাৰ কৰি ধুবুৰী জে’ললৈ প্ৰেৰণ কৰে। এতিয়া পাষণ্ড অতুলৰ কঠোৰতম শাস্তি দাবী কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালে৷

DA News PlusDhubriRape
Comments (0)
Add Comment