ছিপাঝাৰত দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ উদ্যোগত ব্যাস সংগীতৰ কৰ্মশালা

ডিজিটেল ডেক্সঃ দৰং আৰু ওদালগুৰি জিলাৰ ব্যাসৰ ওজাপালিৰ শিল্পী দল সমুহক সামৰি দৰঙী কলা কৃষ্টি উন্নয়ন সংঘই আজি ব্যাস সংগীতৰ এক কৰ্মশালা অনুষ্ঠিত কৰে ৷

ছিপাঝাৰৰ ঐতিহাসিক খটৰা সত্ৰৰ অতিথি শালাত অনুষ্ঠিত এই কৰ্মশালাত সহযোগ কৰে খটৰা সত্ৰ পৰিচালনা সমিতিয়ে ৷ দৰঙী কৃষ্টিৰ আপুৰুগীয়া সম্পদ ব্যাস সংগীতক সঠিক মাত্ৰা আৰু সন্মিলিত ৰূপত উপস্থাপন কৰাৰ স্বাৰ্থত আয়োজন কৰা হয় এই কৰ্মশালা। এই কৰ্মশালাত দৰং আৰু ওদালগুৰি জিলাৰ 42 টা ওজাপালি দলে ভাগ লয় ৷পুৱাৰ ভাগতে খটৰা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ মহন্তই মুকলি কৰা কৰ্মশালাখনৰ আঁত ধৰে ছিপাঝাৰ জনতা মহাবিদ্যালয়ৰ অধ্যক্ষ হৰেণ ডেকাই ৷

দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ সভাপতি গহীন চন্দ্ৰ চহৰীয়া, সম্পাদক কুলেন চন্দ্ৰ ডেকা , পথৰু সমন্বয় গোষ্ঠীৰ সাধাৰণ সম্পাদক মোস্তাক হুছেইনৰ পৰিকল্পনাৰে উক্ত অনুষ্ঠানটি সফল ভাৱে আয়োজিত হয় ৷

byaxh sangeetDA News PlusSipajhar
Comments (0)
Add Comment