চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। সংকটজনক অৱস্থাত এজনক ডিব্ৰুগড়লৈ প্ৰেৰণ

ডিজিটেল ডেক্সঃ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চোছাইটি পেট্ৰল ডিপোৰ সন্মুখত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন অচিনাক্ত বলেৰ বাহনে সংঘটিত কৰে এই ভয়ংকৰ দুৰ্ঘটনা। চিলাপথাৰ নগৰৰ পৰা চোচাইটি অভিমুখে গৈ থকা AS 22 E 1485 নম্বৰৰ বাইক আৰোহী দুজনক অচিনাক্ত বলেৰ বাহনে ‌মহতিয়াই লৈ যায়। ইয়াৰ পিছতে অচিনাক্ত বলেৰ বাহনখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

সংকটজনক অবস্থাত বহু সময় ধৰি পথৰ দাঁতিত পৰি থাকে যুৱক দুজন। বাইক আৰোহী এগৰাকী শিৱসাগৰৰ জিলাৰ অনিল শইকীয়াৰ পুত্ৰ ৰূপম শইকীয়া আৰু চিলাপথাৰ মাজগাওঁৰ অতুল দিহিঙিয়াৰ পুত্ৰ বিজয় দিহিঙিয়া বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতে চিলাপথাৰ আৰক্ষী উপস্থিত হৈ আহত যুৱক দুজনক প্ৰথমে চিলাপথাৰ আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পিছলৈ গুৰুতৰ ভাৱে আহত ৰূপম শইকীয়াক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে চিলাপথাৰ আৰক্ষীয়ে।

DA News Plussilapathar accident
Comments (0)
Add Comment