প্ৰেছাৰ কুকাৰ, পতাগুটিৰে কোবাই কোবাই হত্যা কৰা হৈছিল ডিম্পলক

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰত চাঞ্চল্যৰ সৃষ্টি কৰা ডিম্পল কুমাৱটৰ হত্যা কাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ জেঠায়েকৰ পুত্ৰৰ নাম সাঙোৰ খাইছে হত্যাকাণ্ডৰে৷ ডিম্পলৰ হত্যাৰ পিছৰে পৰা সন্ধানহীন হৈ থকা মোবাইল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী।

অভিযুক্তৰ বাৰোৱাৰীৰ বন্ধুৰ ঘৰত উদ্ধাৰ হৈছে মোবাইলটো। প্ৰকাশিত তথ্য অনুসৰি, মোবাইলৰ ছিম খুলি পেলাই দিছিল হত্যাত অভিযুক্ত সম্পৰ্কীয় ভাতৃয়ে।

আৰক্ষীৰ সন্মুখত চাঞ্চল্যকৰ স্বীকাৰোক্তি সম্পৰ্কীয় ভাতৃৰ৷ আৰক্ষীয়ে এই স্বীকাৰোক্তিৰ ভিত্তিতে হত্যাত জড়িতৰ অভিযোগ থকা কিশোৰজনক লগত লৈ চলাই আছে অনুসন্ধান৷ ডিম্পলৰ ঘৰতে আছিল জেঠায়েকৰ পুত্ৰ৷ বুধবাৰে এই কিশোৰজনে তেওঁৰ এক বন্ধুলৈ ফোন কৰিছিল এগৰাকী বান্ধৱীৰ ফোনৰ পৰা৷

এনে এক ঘটনাক্ৰমৰ পৰাই আৰক্ষীৰ সন্দেহ ঘনিভূত হৈছিল৷ বুধবাৰে আটক কৰিছিল অভিযুক্ত কিশোৰটিৰ লগতে তেওঁৰ বন্ধুক৷ বৃহস্পতিবাৰেও কাষৰীয়া ভাৰাতীয়া এজনক আটক কৰে আৰক্ষীয়ে৷ অৱশেষত আৰক্ষীয়ে হত্যাকাণ্ডৰ যেন সূত্ৰ বিচাৰি পালে৷ অভিযুক্ত কিশোৰটিক লগত লৈয়ে এতিয়া চলি আছে অনুসন্ধান৷

ইফালে ডিম্পলৰ হত্যাৰ সঠিক তদন্ত বিচাৰি বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে উজানবজাৰবাসীয়ে৷ উল্লেখ্য যে, বুধবাৰে নিজৰ বাসগৃহত উদ্ধাৰ হৈছিল ডিম্পল কুমাৱটৰ মৃতদেহ৷ প্ৰেছাৰ কুকাৰ, পতাগুটিৰে কোবাই কোবাই হত্যা কৰিছিল কিশোৰী ডিম্পলক৷

AssamAssam Breaking NewsDA News PlusMurderUzanbazar
Comments (0)
Add Comment