ৰাজ্যত পুনৰ ATM চুৰিৰ ঘটনা, লখিমপুৰৰ নাওবৈচাত এই চাঞ্চল্যকৰ ঘটনা

ডিজিটেল ডেক্স: বুধবাৰে নিশা নাওবৈচাৰ কলেজ তিনিআলিত এটা SBI ATM চুৰিৰ ঘটনা সংঘটিত হয়। নিশা কাৰ্ফিউ চলি থকাৰ মাজতে SBI ATM টো চুৰে দাঙি লৈ যায়। ATM চুৰি ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, চি চি টিভি কেমেৰাত চুৰে নীলা ৰঙৰ স্পে মাৰি SBI ATM টোৰ ছাটাৰ ভাঙি এই চুৰি কাৰ্য সংঘটিত কৰে। কেইদিনমান পূৰ্বে নাওবৈচা SBI ব্ৰান্সটো চুৰে দুবাৰকৈ চুৰি কৰাৰ চেষ্টা কৰিছিল যদিও বিফল হৈছিল। কিন্তু তাৰ পাছতো সতৰ্ক নহ’ল নাওবৈচা আৰক্ষী।
ইয়াকে লৈ এতিয়া সচেতন মহলৰ মাজত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

atm thiefDA News Plus
Comments (0)
Add Comment