APSC কেলেংকাৰীত পূৰ্বে গ্ৰেপ্তাৰ হোৱা ৩৯ গৰাকীলৈ ন্যায়িক তদন্ত আয়োগৰ পুনৰ জাননী প্ৰেৰণ

ডিজিটেল ডেক্স: ন্যায়িক তদন্ত আয়োগে পুনৰ জাননী প্ৰেৰণ কৰিছে APSC কেলেংকাৰীত পূৰ্বে গ্ৰেপ্তাৰ হোৱা ৩৯ গৰাকী প্ৰাক্তন বিষয়ালৈ। বিপ্লৱ শৰ্মা আয়োগে জাৰি কৰিছে উক্ত জাননী খন। উল্লেখ্য যে, পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আটাইকেইজন APSC কেলেংকাৰীত অভিযুক্ত বিষয়াক।

কিন্তু ডিব্ৰুগড় গোচৰটোত জামিন পাইছিল আটাইকেইজন অভিযুক্ত বিষয়াই। অভিযুক্ত ৰাজৰ্ষিসেন ডেকা, হিমাংশু চৌধুৰী, দীপক খনিকৰ, অনিৰুদ্ধ ৰয়, মানস প্ৰতীম হালৈ, গীতালি দলে, সুদীপ্তা গোস্বামী ভট্টাচার্য, জয়দেৱ মহন্ত, বিকাশ পিনছা, পল্লৱী শৰ্মা চৌধুৰী, হৰ্ষজ্যোতি বৰা, জয়ন্ত কুমাৰ নাথ, ৰাজু সাহা, বৰ্ণালী দাসকে ধৰি মুঠ ৩৯ গৰাকী প্ৰাক্তন বিষয়ালৈ জাননী প্ৰেৰণ কৰিছে বিপ্লৱ শৰ্মা আয়োগে।

apscDA News Plus
Comments (0)
Add Comment