ছিপাঝাৰৰ বৈনাৰাত খেদি খেদি কৰায়ত্ত দুই দূধৰ্ষ বাইক চোৰক

ডিজিটেল ডেক্স: পাথৰিঘাট আৰক্ষী আৰু বুঢ়া আৰক্ষী থানাৰ জালত দুই বাইক চোৰ । বাইক চোৰ দুজন হৈছে বৈনাৰা গাঁৱৰ ৰংচাই বড়ো আৰু বামুনঝাৰ গাঁৱৰ বন্তি বড়ো।

এই দুই চোৰে পলায়নৰ চেষ্টা কৰিছিল যদিও পাথৰিঘাট আৰক্ষী আৰু বুঢ়া আৰক্ষী থানাৰ আৰক্ষীৰ চক্ৰবেহুত পৰে দূধৰ্ষ চোৰ দুজন। আৰক্ষীয়ে কৌশলেৰে কৰায়ত্ত কৰিবলৈ সক্ষম হয় এই দুই দূধৰ্ষ বাইক চোৰক।

উল্লেখ্য যে, এক গোপন সূত্ৰৰ পম খেদি দুই আৰক্ষী থানাই এখন গ্লেমাৰ চুৰি বাইক বিক্ৰীৰ বাবে দুজন যুৱক বৈনাৰাত অৱস্থান কৰাৰ বিষয়ে জানিব পাৰে। লগে লগে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। অভিযানৰ সময়ত ভুৱা পঞ্জীয়ন নম্বৰ লগাই চলাই থকা AS27A-4254 নম্বৰৰ গ্লেমাৰ বাইক খনো আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।

DA News Plussipajhar thief
Comments (0)
Add Comment