নন্দিতা শইকীয়াৰ ঘৰত কৃষক মুক্তিৰ নেতৃবৰ্গ, হত্যাকাৰীক শীঘ্ৰে ফাঁচী দিয়াৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

ধেমাজিৰ মৰিধল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰীক শীঘ্ৰে ফাঁচি দিয়াৰ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ ইয়াৰ উপৰি পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ লগতে পৰিয়ালটোৰ এগৰাকী সদস্যক মৰিধল কলেজত সংস্থাপন দিবলৈ চৰকাৰ আৰু কলেজ কৰ্তৃপক্ষক আহ্বান জনাইছে কৃষক মুক্তিয়ে ৷

নন্দিতা শইকীয়াৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ সৈতে বাৰ্তালাপ হোৱাৰ অন্তত এই দাবী জনায় কৃষক মুক্তিৰ নেতৃবৰ্গই ৷ নন্দিতাৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত কৃষক মুক্তিয়ে সকলো প্ৰকাৰে সহায় কৰিব বুলিও আশ্বাস দিয়ে তেওঁলোকে ৷

DA News PlusKMSSNandita Saikia
Comments (0)
Add Comment