প্ৰকৃতিৰ আগত হাৰ মানিব নেকি বৃহৎ নদী বান্ধ নিৰ্মাণকাৰী সংস্থা এন এইচ পি চি

ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ পাহাৰত নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে মূল নদী বান্ধৰ ওপৰেৰে বাগৰি আছে সোৱণশিৰিৰ নদীৰ পানী। কিন্তু জুৰ-জুলুমকৈ নিৰ্মাণ কৰিব বিচৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পাঁচটাকৈ ডাইভাৰটিং টাৰ্ণেল তচনচ হোৱাৰ দিশত।

জানিবলৈ পোৱা মতে পাঁচ নম্বৰ টাৰ্ণেলটোত থুনুকা পাহাৰ খহি বিপদ মাতি আনিছে প্ৰকল্পটোলৈ। লগতে বাৰে বাৰে হাৰ মানিছে এন এইচ পি চিৰ কৰ্তৃপক্ষই।

উল্লেখ্য যে, নদী বিশেষজ্ঞ, নদী অভিযানকাৰীৰ মতে গেৰুকামুখৰ দৰে থুনুকা পাহাৰত কেতিয়াও বৃহৎ নদী বান্ধ নিৰ্মাণৰ সম্ভৱপৰ নহয়।

তেনেস্থলত ক’ভিড পৰিস্থিতিৰ সময়তে ছেগা-চোৰোকাকৈ এন এইচ পি চি কৰ্তৃপক্ষই নিৰ্মাণ কৰি উলিয়াইছে ৮০ শতাংশ প্ৰকল্পৰ কাম। বৰ্তমান নদী বান্ধ স্থলীলৈ যোৱাত বাধা প্ৰদান কৰি আহিছে এন এইচ পি চি কৰ্তৃপক্ষই।

DA News PlusNHPCRiver Dam
Comments (0)
Add Comment