এইবাৰ ব্যতিক্ৰমী ৰূপত লাভলীনা বৰগোহাঁই ,শ্বুটিঙত ব্যস্ত লাভলীনা

ডিজিটেল ডেক্স: ইতিমধ্যে ‘টকিঅ অলিম্পিকত’ ব্ৰঞ্জৰ পদক লাভ কৰি বিশ্বদৰবাৰত অসমৰ নাম জিলিকাই তুলিছে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে। টকিঅ অলিম্পিকত পদক লাভ কৰি কেৱল অসমৰ বাবে নহয় সমগ্র দেশলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে লাভলীনা। পদক লাভৰ পিছতেই সমগ্র দেশবাসীৰ বাবে গৌৰৱৰ কাৰণ হৈ পৰিছে লাভলীনা।

ইয়াৰ মাজতে সোমবাৰে এক ব্যতিক্ৰমী ৰূপত দেখা গল লাভলীনাক। জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সৈতে গানৰ শ্বুটিংত ব্যস্ত খেলুৱৈ গৰাকী।

কণ্ঠশিল্পী জুবিন গাৰ্গৰ সৈতে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ এটি গীতৰ শ্বুটিংত অংশগ্ৰহণ কৰিলে লাভলীনাই। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত প্ৰস্তুত কৰা হৈছে এটি সৰু ভিডিঅ। এই ভিডিঅৰ গীতত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। ভিডিঅটিত অভিনয় কৰিছে লাভলীনা বৰগোহাঁইয়ে।
উল্লেখ্য যে, শিক্ষাৰ্থীক খেলৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যেৰে শিক্ষা বিভাগে এই ভিডিঅ টি ব্যৱহাৰ কৰিব।

DA News PlusJUBIN GARG WITH LOVLINALovlina Borgohain
Comments (0)
Add Comment