ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে হোজাই আৰক্ষীৰ অভিযান, হোজাইত ড্ৰাগ্ৰছ ভৰ্তি কণ্টেইনাৰসহ আটক এজন যুৱকক

ডিজিটেল ডেক্সঃ ৰাজ্যত অব্যাহত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। শেহতীয়াকৈ, হোজাইতো আৰক্ষীৰ ভাৰপ্রাপ্ত বিষয়া তপন মেধী নেতৃত্বত চলে ড্ৰাগছ বিৰোধী অভিযান । এই অভিযানত হোজাই কৃষ্ণ নগৰৰ দীপ দাস নামৰ লোকজনৰ ঘৰৰ পৰা ৮ ব্রাউন ছুগাৰ ভৰ্টি সৰু কন্টেইনাৰ সহ আটক কৰে ড্ৰাগ্ছ ব্যৱসায়ীজনক।

ব্রাউন ছুগাৰ খিনিৰ বজাৰ মূল্য ১৮-২০ হেজাৰ টকা হব বুলি জানিবলৈ দিয়ে হোজাই আৰক্ষীয়ে। বৰ্তমান ব্রাউন ছুগাৰ সহ দীপ দাসক হোজাই আৰক্ষী থানাত ৰখাৰ লগতে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে।

DA News PlusDrugsHojaiPolice
Comments (0)
Add Comment