ডিমাহাছাওৰ দিয়ুংমুখৰ ঘটনাত নিহতৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণৰ দাবী

ডিজিটেল ডেস্কঃ ডিমাহাছাওত ৫ জনকৈ ট্ৰাক চালকক গুলিয়াই হত্যা কৰাৰ প্ৰতিবাদত মঙলবাৰে খাৰুপেটীয়াৰ বালুগাও-আলিকাষ ট্ৰাক ড্ৰাইভাৰ এচোছিয়েশ্যনে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, বৃহস্পতিবাৰে উমৰাংচুৰ পৰা লংকাৰ ডালমিয়া চিমেন্ট উদ্যোগলৈ ক্লিংকাৰ আনি থকাৰ পথত ৫ ট্ৰাক চালকক গুলিয়াই হত্যা কৰিছিল এটা দুৰ্বৃত্বৰ দলে।

মঙলবাৰে খাৰুপেটীয়া ট্ৰাক চালক এচোছিয়েশ্যনে প্ৰতিবাদ সাব্যস্ত কৰি দাবী জনায় যে, দুৰ্বৃত্বৰ গুলীত প্ৰাণ হেৰুওৱা চালকৰ পৰিয়ালক ২০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়ক, মৃত ট্ৰাক চালকৰ পৰিয়ালক এটাকৈ চৰকাৰী চাকৰি প্ৰদান কৰক, গাড়ী চালক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰক আদি বিভিন্ন দাবী উত্থাপন কৰে।

লগতে ট্ৰাক চালকসকলে ন্যায় নোপোৱা পৰ্যন্ত ট্ৰাক চলাচল বন্ধ ৰখাৰো হুংকাৰ দিয়ে। উল্লেখ্য যে, লকডাউনে জুৰুলা কৰা ট্ৰাক চালক সকলে পথৰ বিভিন্ন ঠাইত গুণ্ডা টেক্স দিবলগীয়া হয়। এই গুণ্ডা টেক্সৰ পৰা ট্ৰাক চালক সকলে ৰক্ষা বিচাৰি অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।

DA News PlusDima Hasao
Comments (0)
Add Comment