চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম জনজাতি অধিকাৰ সুৰক্ষা সমিতি

ডিজিটেল ডেস্কঃ সংবাদমেল পাতি চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম জনজাতি অধিকাৰ সুৰক্ষা সমিতি৷ বিজেপি চৰকাৰে জনজাতীয় লোকসকলৰ ভূমি অধিকাৰ খৰ্ব কৰিব পিচৰাৰ অভিযোগ জনজাতি অধিকাৰ সুৰক্ষা সমিতিৰ৷ সংৰক্ষিত এলেকাত জনজাতীয় লোকসকল অসুৰক্ষিত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনজাতিবিৰোধী, সংবিধানবিৰোধী আখ্যা দিয়ে সমিতিয়ে৷

মুখ্যমন্ত্ৰীগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লৈ তেওঁৰ ডক্টৰেট ডিগ্ৰীক লৈয়ো প্ৰশ্ন কৰে সমিতিয়ে৷ মুখ্যমন্ত্ৰীয়ে উচ্চ ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰা বুলি অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে হিমন্ত বিশ্ব শৰ্মা থানাত হাজিৰ হ’ব লাগিব বুলি বিস্ফোৰক মন্তব্য কৰে জনজাতি অধিকাৰ সুৰক্ষা সমিতিয়ে৷ জনজাতীয় এলেকাৰ ৪ লাখ বিগা মাটি বেদখল হোৱাৰ অভিযোগ তুলি সমিতিয়ে জনজাতীয় লোকসকলৰ ভূমিৰ অধিকাৰ খৰ্ব নকৰিবলৈ মুখ্যমন্ত্ৰীক সকীয়নি দিলে সুৰক্ষা সমিতিয়ে৷

DA News PlusPress meetTribal
Comments (0)
Add Comment