আপুনি মাছৰ কণী খাই ভাল পায় নেকি ? তেন্তে জানিলওক মাছৰ কণীৰ উপকাৰিতা

ডিজিটেল ডেক্সঃ মাছৰ দৰে মাছৰ কণী ও বহুতৰ প্রিয় খাদ্য। মাছৰ কণীয়ে আমাৰ শৰীৰত পুষ্টি যোগান ধৰাৰ উপৰিও ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে।

মাছৰ কণীত থকা অমেগা ফেটি এচিড আমাৰ শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয়। মাছৰ কণীত থকা ফেটি এচিডে মগজু সুস্থ কৰি ৰখাত সহায় কৰে। গৱেষক সকলৰ মতে মাছৰ কণী খালে আৰ্থইটিছৰ আশংকা হ্ৰাস পায়। মাছৰ কণীত থকা ভিটামিন ‘এ’ চকু ভালে ৰখাত সহায় কৰে।

মাছৰ কণীত থকা স্বাস্থ্যকৰ উপাদানে তেজ পৰিষ্কাৰ কৰাৰ উপৰিও হিমগ্লবিন বৃদ্ধি কৰে। মাছৰ কণীত থকা অমেগা ফেটি এচিডে ৰক্ত সঞ্চালনত সহায় কৰে ফলত উচ্চ ৰক্তচাপৰ আশংকা হ্ৰাস পায়। মাছৰ কণীত থকা স্বাস্থ্যকৰ উপদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত ও যথেষ্ট সহায় কৰে।

benifit of fish eggfish egg
Comments (0)
Add Comment