KBC 13 ৰ প্ৰথম গৰাকী কোটিপতি এগৰাকী দৃষ্টিহীন প্ৰতিযোগি

ডিজিটেল ডেক্সঃ জনপ্ৰিয় কুইজ শ্ব কৌন বনেগা কড়োৰপতিৰ বিষয়ে আপুনি নিশ্চয় জানে। এই জনপ্ৰিয় শ্ব’টোৰ বিষয়ে হয়তো আপোনাক বহলাই কোৱাৰ প্ৰয়োজন নাই। শেহতীয়াকৈ শ্ব’টোৰ এক প্ৰম ভিডিও ৰিলিজ কৰা হৈছে।

শ্ব’টোৰ এই প্রম ভিডিঅত দেখা গৈছে এক কোটি টকা বিজয়ী এগৰাকী দৃষ্টিহীন প্ৰতিযোগিক। এই প্ৰতিযোগি গৰাকীৰ নাম হৈছে হিমানি বুণ্ডেলা। হিমানি হ’ল উত্তৰপ্ৰদেশৰ আগ্ৰাৰ বাসিন্দা। লগতে হিমানি এগৰাকী শিক্ষয়িত্ৰী |

এই শ্ব’টোৰ প্ৰম ভিডিঅত দৃষ্টিহীন হিমানিয়ে এক কোটি টকাৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ দিয়া দেখা গৈছে। লগতে হিমানিয়ে সাত কোটি টকাৰ প্ৰশ্নৰ মুখামুখি হোৱা দেখুৱা হৈছে এই প্ৰম ভিডিঅটিত। এই প্ৰম’ ভিডিও ৰিলিজ হোৱাৰ পিছত সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে উত্তৰপ্ৰদেশৰ দৃষ্টিহীন শিক্ষয়ত্ৰী গৰাকীয়ে।

HIMANI BUNDELAKBC 13 1 CRORE WINNER
Comments (0)
Add Comment