তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত কেন্দ্ৰীয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিং

ডিজিটেল ডেস্কঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত কেন্দ্ৰীয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিং৷ শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰীজনে কেইবাটাও কাৰ্যসূচীৰে উপস্থিত হয় সোণাপুৰত৷ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনৰ ৰাজ্যৰ পঞ্চায়তসমূহত হৈ থকা উন্নয়ণমূলক কাম-কাজৰ পৰিদৰ্শন আৰু খতিয়ান লয় কেন্দ্ৰীয় মন্ত্ৰীজনে৷ ইয়াৰ পূৰ্বে গিৰিৰাজ সিঙে সোণাপুৰৰ বৰখাট ৰাজহুৱা প্ৰেক্ষাগৃহত উপস্থিত হৈ আত্ম-সহায়ক গোটৰ দ্বাৰা পৰিচালিত এক প্ৰদৰ্শনী পৰিদৰ্শন কৰাৰ লগতে আত্ম-সহায়ক গোটৰ সদস্য সকলৰ সৈতে মত-বিনিময় কৰে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বৰখাটত উপস্থিত হোৱাৰ লগে-লগে ডিমৰীয়াৰ বাৰেৰহনীয়া সাংস্কৃতিক দলৰ দ্বাৰা উষ্ম আদৰণি জনোৱা হয়। কেন্দ্ৰীয় মন্ত্ৰীজনৰ এই কাৰ্যসূচীত সংগ দিয়ে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, সাংসদ কুইন ওজা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত হেমেন দাসে৷

DA News PlusGiriraj Singh
Comments (0)
Add Comment