এগৰাকী প্ৰাক্তন মন্ত্ৰী, বৰ্তমান পিজ্জা ডেলিভাৰী বয়

ডিজিটেল ডেক্সঃ আফগানিস্তানৰ আশ্ৰফ গনি চৰকাৰৰ এগৰাকী প্ৰাক্তন মন্ত্ৰী, নাম চৈয়দ আহমেদ শ্বাহ ছাদাত। আশ্ৰফ গনি চৰকাৰৰ যোগাযোগ আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী আছিল তেওঁ। বিশ্বখ্যাত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ “ডাবল মাষ্টাৰ ডিগ্ৰীধাৰী” আছিল ছাদাত।

ছাদাত কোনোকালেই ৰাজনীতিবিদ নাছিল। জীৱনৰ ২৩ বছৰ তেওঁ টেলিকম বিভাগত চাকৰি কৰিছিল। কৰ্ম সূত্ৰে তেওঁ বিশ্বৰ কেইবাখনো দেশত থাকি কৰ্ম অভিজ্ঞতা লাভ কৰিছিল। সেই সূত্ৰে হোৱা সু সম্পৰ্কৰ বাবে তেওঁ আশ্ৰফ গনি চৰকাৰত মন্ত্ৰী হিচাপে যোগদান কৰাৰ বাবে আমন্ত্ৰণ পাইছিল। আৰু ২০১৮ চনত তেওঁ আশ্ৰফ গনি চৰকাৰত মন্ত্ৰী হিচাপে যোগদান কৰিছিল। প্ৰায় দুবছৰ তেওঁ মন্ত্ৰী হিচাপে দক্ষতাৰে কাম কৰিছিল। হঠাৎ চৰকাৰৰ লগত তেওঁৰ মনোমলিন্য হোৱাত তেওঁ মন্ত্ৰী সভাৰ পৰা পদত্যাগ কৰে। তাৰ পাছত তেওঁ জাৰ্মানীলৈ গৈ স্থায়ী বাবে বসবাস কৰিবলৈ আৰম্ভ কৰে। বৰ্তমান ছাদাতে জীৱিকা নিৰ্বাহৰ বাবে দৈনিক পিজ্জা বিক্ৰী কৰিবলগীয়া হৈছে। অথচ এবছৰ পূৰ্বে ছাদাত আছিল আশ্ৰফ গনি চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী।

AFGHANISTAN EX MINISTERPIZZA DELIVERY BY EX MINISTERSAYEED AHMED SHAH SADAT
Comments (0)
Add Comment