জীৱন মৃত্যুৰ সৈতে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতাই

ডিজিটেল ডেস্কঃ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ’ল ধেমাজি কাণ্ডত আহত হোৱা নন্দিতা শইকীয়াই। মৰিধল মহাবিদ্যালয়ৰ এগৰাকী কৰ্মীৰ দাৰ ঘাপত গুৰুতৰ ভাবে আহত হৈছিল ছাত্ৰীগৰাকী। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত  জীৱন মৃত্যুৰ সৈতে যুঁজি আছিল ছাত্ৰীগৰাকীয়ে।

নন্দিতাৰ ঘৰ ঢকুৱাখনা কাঠৰবাৰী গাঁৱত। মৰিধল মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষাণ্মাসিকৰ ছাত্রী আছিল নন্দিতা শইকীয়া।
প্রেমজনিত কাৰণতে আক্রমণৰ সন্দেহ প্রকাশ স্থানীয় লোকৰ ৷ প্রেমত প্রতাৰিত হৈ মৰিধল মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰিণ্টু শর্মাই ধেমাজিৰ ৰাজপথ দা ৰে আক্ৰমণ কৰিছিল নন্দিতাক৷ অৱশ্যে বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘাটক ৰিণ্টু শৰ্মাক।

DA News PlusDhemaji
Comments (0)
Add Comment