ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা, ডিঙি কটা অৱস্থাত উদ্ধাৰ শিশুৰ মৃতদেহ

ডিজিটেল ডেক্সঃ ৰাজ্যত এফালে আৰক্ষীয়ে অব্যাহত ৰাখিছে অপৰাধ বিৰোধী অভিযান। আনফালে সংঘটিত হৈছে এটাৰ পিছত আন এটা অপৰাধজনিত ঘটনা। এইবাৰ সোণাৰিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে এটি শিশুৰ মৃতদেহ।

সোণাৰিৰ টিঙালিবাম বাগিচাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। বাগিচা খনৰ কালিথানৰ সমীপত উদ্ধাৰ হৈছে শিশুটিৰ মৃতদেহ। খবৰ অনুসৰি, শিশুটিৰ বয়স মাত্ৰ ৬ বছৰ। এই ৬ বছৰীয়া কন্যা শিশুটিক বলি দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। উল্লেখ্য যে, দুদিনমান পূৰ্বে অনুৰূপ ঘটনা সংঘটিত হৈছিল সোনাৰীৰ চফ্ৰাইত। ইয়াক লৈ এতিয়া সমগ্র অঞ্চলটোত তীব্র চাঞ্চল্য বিৰাজ কৰিছে।

Chil Deadbody ReacoverDA News PlusSonari Incident
Comments (0)
Add Comment