এইবাৰ কৰিমগঞ্জত অসম আৰক্ষীৰ এনকাউন্টাৰ,নিহত ১

ডিজিটেল ডেস্কঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে অসমত অপৰাধীক বশ কৰিবলৈ নতুন পন্থা অৱলম্বন কৰিছে আৰক্ষীয়ে। কোনো অপৰাধীয়ে আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ চেষ্টা কৰিলেই আৰক্ষীয়ে এনকাউন্টাৰ কৰা কেইবাটাও ঘটনা শেহতীয়াভাৱে পোহৰলৈ আহিছে। এইবাৰ তেনে এটা ঘটনাই সংঘটিত হৈছে কৰিমগঞ্জত।

বদৰপুৰ আৰক্ষীৰ এনকাউন্টাৰত নিহত হ’ল এজন মাৰণাস্ত্ৰ সৰবৰাহকাৰী। নিহত ব্য়ক্তিগৰাকীৰ নাম নুৰুল ইছলাম। মৃত নুৰুল ইছলামৰ ঘৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত।

সোমবাৰে বদৰপুৰত বি এছ এফ আৰু বদৰপুৰ আৰক্ষীৰ যুটীয়া অভিযানত আটক হৈছিল দুই যুৱক। আটক হোৱা যুৱক দুজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা পেন পিষ্টল আৰু চাৰিটা ফেক্টৰী মেড পিষ্টল। পৰৱৰ্তী সময়ত আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ চেষ্টা কৰিছিল এজন লোকে। তেওঁক নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰে।

নিশা বদৰপুৰ নিৰালা গাঁৱৰ এখন পথাৰত সংঘটিত হ’ল এই এনকাউণ্টাৰৰ ঘটনা। আৰু এই এনকাউণ্টাৰতে নিহত হ’ল আটকাধীন নুৰুল ইছলাম।

AssamDA News PlusEncounterKarimganj
Comments (0)
Add Comment