কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা নাৰায়ণ ৰানেক আটক

ডিজিটেল ডেক্সঃ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা নাৰায়ণ ৰানেক আটক। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকেৰেৰ প্ৰসংগত আপত্তিজন মন্তব্য কৰি নাছিক আৰতক্ষীৰ হাতত আটক হ’ল নাৰায়ণ ৰানে।

মঙলবাৰে এক ৰেলীত অংশগ্ৰহণ কৰাৰ সময়তে আটক কৰা হয় নাৰায়ণ ৰানেক। মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দাখিল হোৱা এজাহাৰৰ ভিত্তিতেই নাছিকৰ আৰক্ষী আয়ুক্ত দীপক পাণ্ডেয়ে মঙলবাৰে নাৰায়ণ ৰানেক আটক কৰাৰ নিৰ্দেশ দিছিল।

উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ। ইফালে, নাৰায়ণ ৰানেই তেওঁৰ বিৰুদ্ধে দাখিল হোৱা এজাহাৰৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি উল্লেখ কৰে।

Cetral Minister or BJP Leader detainDA News PlusDetain by Nashik Police
Comments (0)
Add Comment