বিশ্ব ২০ বছৰ অনূৰ্ধ্বৰ এথলেটিকছত ৰূপৰ পদক দখল ভাৰতৰ ছেইলি সিঙৰ

ডিজিটেল ডেক্সঃ নাইৰোবিৰ বিশ্ব ২০ বছৰ অনূৰ্ধ্বৰ এথলেটিকছ প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈৰ চমক। প্ৰতিযোগিতাখনৰ লং জাম্পত ৰূপৰ পদক দখলেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে ১৭ বছৰীয়া লং জাম্পাৰ ছেইলি সিঙে।

৬.৫৯ মিটাৰ দূৰত্বৰে দ্বিতীয় স্থানত ছেইলি। মাথোঁ ১ ছেণ্টিমিটাৰৰ বাবে সোণৰ পদকৰ পৰা বঞ্চিত হ’বলগীয়া হয় ছেইলি। ইফালে, প্ৰতিযোগিতাখনত ৬.৬০ মিটাৰেৰে প্ৰথম স্থান লাভ কৰে ছুইডেনৰ মাজা অস্কাগই। উল্লেখযোগ্য যে, ছেইলিৰ এই স্থান দখলেৰে নতুন ৰাষ্ট্ৰীয় অভিলেখো গঢ়িবলৈ সক্ষম হয়।

AthleticsDA News PlusLong jumpSaili records
Comments (0)
Add Comment