আফগানিস্তানৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰা এটা ‘যুক্তিসংগত আৰু সঠিক সিদ্ধান্ত আছিল’- জ’ বাইডেন

ডিজিটেল ডেক্সঃ আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ ফলত বাইডেন প্ৰশাসনে আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিনী প্ৰত্যাহাৰ কৰিছিল। ফলত কিছু মহলৰ পৰা সমালোচনাৰ সন্মুখীন হৈছিল জ’ বাইডেন।

অভিযোগ উত্থাপন হৈছে যে বাইডেন প্ৰশাসনৰ এই সিদ্ধান্তৰ ফলত বিশৃংখলতাত মৃত্যু হৈছে বহুতৰ। অৱশ্যে, বাইডেন তেওঁৰ নিজৰ সিদ্ধান্তত এতিয়াও অটল। বাইডেনে হোৱাইট হাউচত সাংবাদিক সকলৰ সন্মুখত কৰা এটা মন্তব্য আছিল এনেধৰণৰ ‘মই ভাবো যে ইতিহাসত এইটো এটা যুক্তিসংগত আৰু সঠিক সিদ্ধান্ত আছিল’।

আফগানিস্তানত গভীৰ সংকটৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে দেশখনৰ পৰা সৈন্য প্ৰত্যাহাৰৰ পদক্ষেপৰ সপক্ষে যুক্তি দি কয় যে ইতিহাসত এই সিদ্ধান্ত “যৌক্তিক, যুক্তিসংগত আৰু সঠিক সিদ্ধান্ত” হিচাপে লিপিবদ্ধ হৈ থাকিব।

AfganistanCommentDA News Plus
Comments (0)
Add Comment