ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰঃ কোকৰাঝাৰৰ ভোটগাঁৱত নিহত ৩ ডকাইত

ডিজিটেল ডেক্সঃ কোকৰাঝাৰত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা। ভোটগাঁও কাশিপাৰাস্থিত এলাহাবাদ বেংকত ডকাইতি কৰিবলৈ আহে ডকাইতৰ এটা দলে। ফলত আৰক্ষীৰ গুলীচালনাত নিহত তিনিটাকৈ ডকাইত। ভোটগাঁও বজাৰৰ এলাহাবাদ বেংকত ডকাইত কৰিবলৈ আহি আৰক্ষীৰ গুলীত নিহত হোৱা ডকাইত তিনিটাৰ পৰিচয় পত্ৰ বৰ্তমানেও উদ্ধাৰ হোৱা নাই যদিও দুটা ডকাইত গোৱালপাৰাৰ আৰু আন এটা ডকাইত মানকাচৰৰ বুলি জানিব পৰা গৈছে।


প্ৰাপ্ত বাতৰি অনুসৰি, দেওবাৰে পুৱতি নিশা ভোটগাঁওস্থিত এলাহাবাদ বেংকত ছটা ডকাইতে বেংক ডকাইতি কৰিবলৈ আহিছিল। ইতিপূৰ্বে কেবাবাৰো বেংক ডকাইতৰ কবলত পৰা এলাহাবাদ বেংকত পুনৰাই বেংক ডকাইতিৰ দল উপস্থিত হোৱাৰ তথ্য আৰক্ষীয়ে বিশেষ সূত্ৰে লাভ কৰি ডকাইতৰ দলটোৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষীক দেখি ডকাইতৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰাত তিনিটা ডকাইত গুৰুতৰভাৱে আহত হয়। আহত ডকাইত তিনিটাক কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুটা পিষ্টল, গেছ কাটাৰ, দুটা চিলিণ্ডাৰ আৰু ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা এখন অটো (নং এএচ ১৮ এ চি ১৩৩৬ ) উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সন্দেহ কৰা মতে, ডকাইতৰ দলটোৱে গোৱালপাৰাৰ পৰা অটোৰে আহি এলাহাবাদ বেংকত ডকাইতি কৰাৰ পৰিকল্পনা কৰিছিল।

ইপিনে, এই ঘটনাৰ পিছতে কোকৰাঝাৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। কেবাবাৰো ডকাইতিৰ কবলত পৰা এলাহাবাদ বেংকত ডকাইত কৰিবলৈ আহি তিনিটাকৈ ডকাইতক নিধন কৰিবলৈ সক্ষম হোৱা আৰক্ষীৰ প্ৰতি ধন্যবাদসূচক মন্তব্য প্ৰকাশ কৰিছে স্থানীয় জনতাই। ভোটগাঁও অঞ্চলত কোকৰাঝাৰ আৰক্ষীৰ পদক্ষেপক আদৰণীয় বুলি মন্তব্য কৰিছে অঞ্চলবাসীয়ে।

DA News PlusDecoityEncounterKokrajhar
Comments (0)
Add Comment