কাবুল বিমান বন্দৰত বিশৃংখলতাৰ বাবে প্ৰাণ হেৰুৱালে ৭ জনে

ইউকেৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ প্ৰতিবেদন অনুসৰি আফগানিস্তানৰ কাবুল বিমানবন্দৰত বিশৃংখলতাৰ বাবে নিহত হল ৭জনকৈ লোক। লগতে ইউকে মন্ত্ৰণালয়ৰ এজন মুখপাত্ৰই নিহত হোৱা ৭জন আফগান নাগৰিকৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে।
তালিবানে পুনৰ ক্ষমতা দখল কৰাৰ পিছৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰশক্তিয়ে বিভিন্ন প্ৰকাৰে স্থানান্তৰিত হ’ব বিচৰা সকলক সহায় কৰিবলৈ চেষ্টা কৰি আছে। লগতে সপ্তাহটোত স্থানান্তৰিত বিমানত উঠিবলৈ চেষ্টা কৰা বৃহৎ সংখ্যক লোকৰ সৈতে যুঁজিবলৈ সংগ্ৰাম কৰি আহিছে বুলি মন্তব্য কৰে ইউকে মন্ত্ৰণালয়ে।

DA News Pluskabul airportuk
Comments (0)
Add Comment