১২ৰ উৰ্ধৰ কিশোৰ-কিশোৰীসকলৰ বাবে ক’ভিডৰ প্ৰথমটো ভেকচিন অনুমোদন ভাৰত চৰকাৰৰ

ডিজিটেল ডেক্স: দেশৰ কিশোৰ-কিশোৰীসকলৰ বাবে প্ৰথমটো ক’ভিড ভেকচিন অনুমোদন জনালে ভাৰত চৰকাৰে। দেশত এতিয়া উপলব্ধ হ’ব ১২ৰ উৰ্ধৰ কিশোৰ-কিশোৰীসকলৰ ক’ভিড ভেকচিন। গুজৰাটস্থিত জাইডাছ কেডিলাৰ তিনিপালি ক’ভিড ভেকচিনৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন জনালে ড্ৰাগ কণ্ট্ৰোলাৰ জেনেৰেল অৱ ইণ্ডিয়া (ডিচিজিআই)য়ে। কিশোৰ-কিশোৰীসকলৰ বাবে এই ভেকচিনটো এক প্ৰকাৰৰ ডিএনএ ভেকচিন।

জাইকোভ-ডি নামৰ এই ভেকচিন ১০ৰ পৰা ১২ পালি বছৰি ভাৰতত উৎপাদনৰ লক্ষ্য বান্ধি লোৱা হৈছে বুলি সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে। ইতিমধ্যে প্ৰতিষ্ঠানটোৱে ভেকচিন উৎপাদনৰ কাম আৰম্ভ কৰিছে।

যোৱা ১ জুলাইত জাইকোভ-ডি নামৰ ভেকচিন অনুমোদনৰ বাবে জেনেৰিক ঔষধ নিৰ্মাতা প্ৰতিষ্ঠান জাইডাছ কেডিলাই আবেদন কৰিছিল। দেশৰ প্ৰায় ১৮ হাজাৰ লোকৰ ক্ষেত্ৰত চূড়ান্ত পৰ্যায়ৰ ট্ৰায়েল সম্পন্ন কৰা হৈছিল। য’ত ৬৬.৬ শতাংশ কাৰ্যকৰিতা প্ৰমাণিত হৈছিল। জাইকোভ-ডি কোৰোণা প্ৰতিৰোধৰ ক্ষেত্ৰত বিশ্বৰ প্ৰথমটো প্লাজমিড ভেকচিন। জাইডাছ কেডিলাৰ এই ভেকচিন ভাৰত চৰকাৰৰ বায়োটেকনোলজি বিভাগৰ সৈতে যৌথ উদ্যোগত তৈয়াৰ কৰা হৈছে।

ApprovedDA News PlusVaccineZydus Cadilla
Comments (0)
Add Comment