কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভৰ পিছত প্ৰথমবাৰলৈ ৰাজ্যত উপস্থিত হ’ল সৰ্বানন্দ সোণোৱাল

ডিজিটেল ডেক্স : কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পিছত প্রথমবাৰলৈ শনিবাৰে গুৱাহাটীত আহি উপস্থিত হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। গুৱাহাটীত উপস্থিত হোৱাৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰণি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে আদৰণি জনালে ভৱেশ কলিতাৰ সৈতে বিজেপিৰ নেতৃবৰ্গই।

কেইবাটাও কাৰ্য্যসূচী হাতত লৈ ৰাজ্যত উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী। আজিৰে পৰা তিনি দিনীয়া কাৰ্য্যসূচীৰে আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে আশীৰ্বাদ যাত্ৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে।

ৰাজ্যৰ ১৮ টা স্থান সামৰি ৰূপায়ণ হ’ব এই আশীৰ্বাদ যাত্ৰা। তিনিদিনীয়া কাৰ্য্যসূচীৰে চলিব এই আশীৰ্বাদ যাত্ৰা। এই যাত্ৰাত ৩০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ২৩ আগষ্টত ডিব্ৰুগড়ত সামৰণি পৰিব এই আশীৰ্বাদ যাত্ৰাৰ।

Assam VisitDA News PlusSarbananda SonowalWarm Welcome
Comments (0)
Add Comment