কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালক অসম অলিম্পিক সন্থাৰ সম্বৰ্দ্ধনা

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম অলিম্পিক সন্থাৰ সভাপতি তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে কেন্দ্রীয় মন্ত্রীত্ব লাভ কৰাৰ পাছত শনিবাৰে প্ৰথমবাৰৰ বাবে অসমত উপস্থিত হয়। অসম অলিম্পিক সন্থাই সৰ্বানন্দ সোণোৱালক শনিবাৰে বিয়লি গুৱাহাটীৰ তাজ ভিভাণ্টা হোটেলত আয়োজন কৰা এটা অনুষ্ঠানত সম্বৰ্দ্ধনা জনায়।

এই অনুষ্ঠানত অৰ্জুন ভোগেশ্বৰ বৰুৱা, অৰ্জুন মনালিছা বৰুৱা মেহতা, ভাৰতীয় অলিম্পিক সন্থাৰ উপ-সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, পেট্ৰ’লিয়াম বিভাগৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, ৰাজ্যসভাৰ সাংসদ বজয়ন্ত জয় পাণ্ডা, অসমৰ ক্ৰীড়ামন্ত্ৰী বিমল বৰা, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, অসম প্ৰদেশ ভাৰতীয় জনতা পার্টিৰ সভাপতি ভৱেশ কলিতা, বিধায়ক তৰংগ গগৈ, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ৰূপক শৰ্মা, ক্ৰীড়া বিভাগৰ আয়ুক্ত সচিব মলয় বৰা, ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ সঞ্চালক পবিত্র ৰাম খাউণ্ড, মেঘালয় অলিম্পিক সন্থাৰ সম্পাদক চিৰঞ্জিৱ চৌধুৰী, অৰুণাচল প্ৰদেশ অলিম্পিত সন্থাৰ সম্পাদক বেমাং টাগো উপস্থিত থাকে। অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে আঁত ধৰা অনুষ্ঠানটোত অসম অলিম্পিক সন্থাৰ অৰ্ন্তগত ৰাজ্যিক আৰু জিলা ক্ৰীড়া সন্থাসমূহেও সোণোৱালক সম্বৰ্দ্ধনা জনায়।

DA News PlusFelicitationSarbananda Sonowal
Comments (0)
Add Comment