আন্তঃজিলা বাছ সেৱা কেতিয়াৰ পৰা আৰম্ভ হব? কি কলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

ডিজিটেল ডেক্স: ৰাজ্য চৰকাৰে আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰিছে যদিও বাছ চলাচলৰ ক্ষেত্ৰত কোনোধৰণৰ শিথিলতা প্ৰদান নকৰা বাবে ৰাজ্যত এতিয়া বাছ চালক সকলৰ লগতে বাছৰ মালিক সকলৰ মাজত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

প্ৰতিবাদমুখৰ হৈ পৰিছে বাছৰ কৰ্মচাৰী সকলৰ লগতে বাছৰ মালিক সকল। অতিশীঘ্ৰে আন্তঃজিলা বাছ চলাচল সেৱা মুকলি কৰি দিয়াৰ বাবে দাবী উত্থাপন কৰিছে বাছৰ কৰ্মচাৰীসকলৰ লগতে বাছ মালিকসকলে।

কিন্তু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্য অহা ১ ছেপ্টেম্বৰ লৈকে আন্তঃজিলা বাছ চলাচল কোনো কাৰণত খুলি দিয়া সম্ভৱ নহয়। কাৰণ এতিয়াও ৰাজ্যত দৈনিক ক’ভিড আক্রান্তৰ সংখ্যা ৫০০ ৰো অধিক । অৱশ্যে সকলো ঠিকে থাকিলে ১ ছেপ্টেম্বৰৰ পিছত আন্তঃজিলা বাছ চলাচল খুলি দিয়াৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

CM AssamDA News PlusInter District open
Comments (0)
Add Comment