এগৰাকী জনজাতীয় সক্ৰিয় কৰ্মীক গ্ৰেপ্তাৰ কৰাৰ বাবে (NHRC)ৰ দ্বাৰা ছত্তীশগড় আৰক্ষী প্ৰধানক তলব

২১ অক্টোবৰত ছত্তীশগড়ত গ্ৰেপ্তাৰ কৰা হৈছিল জনজাতীয় সক্ৰিয় কৰ্মী হিডমে মাৰ্কামক। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (NHRC) য়ে ছত্তীশগড় আৰক্ষীৰ মুৰব্বী ডি এম অৱস্থীক প্ৰতিবেদন সহ পেনেলৰ সন্মুখত হাজিৰ হ’বলৈ জনাইছে।

উল্লেখ্য যে, কৰ্মী গৰাকীক মাৰ্চ মাহত দান্তেৱাড়াত বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ (ইউএপিএ) অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু ই পিপলছ ইউনিয়ন ফৰ চিভিল লিবাৰ্টিজ আৰু অন্যান্য কৰ্মীসকলৰ অভিযোগৰ ওপৰত চ’মন জাৰি কৰা হৈছিল।

ChattishgarhDA News PlusHidme MarkamNHRCPolice
Comments (0)
Add Comment