আৰম্ভ হ’ল গুৱাহাটী-অৰুণাচল প্ৰদেশৰ তেজুৰ মাজত বিমানসেৱা

ডিজিটেল ডেক্স: কেন্দ্ৰ চৰকাৰে উত্তৰ-পূ্ৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত আঞ্চলিক যোগাযোগ আঁচনি(আৰ চি এছ)ৰ অধীনত পোনপটীয়াকৈ যাত্ৰীবাহী বিমান সেৱা আৰম্ভ কৰিছে।  ‘ফ্লাইবিগ’ নামৰ বিমান পৰিবহণ সংস্থাটোৱে বৃহস্পতিবাৰৰ পৰা অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ তেজু বিমানবন্দৰৰ পৰা বিমান সেৱা আৰম্ভ কৰিছে। ৩০ জনীয়া যাত্ৰীৰে ফ্লাইবিগ এয়াৰলাইনছৰ এটিআৰ ৭২ বিমানখনে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ উৰা মাৰে।

মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে বিমানখনৰ শুভাৰম্ভণি কৰে। পূব চিয়াং জিলাৰ পাছিঘাটৰ পিছত তেজু বাণিজ্যিক সেৱা আৰম্ভ কৰা ৰাজ্যখনৰ দ্বিতীয় উন্নত লেণ্ডিং গ্ৰাউণ্ড (এএলজি)। তেজু বিমানবন্দৰকাৰ্যকৰীকৰণে পূৱ অৰুণাচলৰ যোগাযোগ বৃদ্ধি কৰি অৰ্থনৈতিক কাৰ্যকলাপ, ব্যৱসায় আৰু স্বাস্থ্য সেৱাৰ বাবে দ্ৰুত উপলব্ধতা সহজ কৰি তুলিব বুলি উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি এইদৰে কয় পেমা খাণ্ডুৱে।

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ বৰঝাৰস্থিত উত্তৰ-পূৰ্ব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক ৰবি কান্তে জানিবলৈ দিয়া মতে প্ৰথম পৰ্যায়ত গুৱাহাটীৰ পৰা তেজুলৈ আৰু তেজুৰ পৰা গুৱাহাটীলৈ বৃহস্পতিবাৰৰ পৰা ৩০ অক্টোবৰলৈ প্ৰতি সপ্তাহত চাৰিদিনকৈ বিমান চলাচল কৰিব। প্ৰতি সপ্তাহৰ মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ আৰু দেওবাৰে ‘এ টি আৰ-৭২-৫০০’ শ্ৰেণীৰ ৭২খন আসনযুক্ত বিমানখন বৰঝাৰৰ পৰা তেজুলৈ যাত্ৰা কৰিব। উল্লেখযোগ্য যে, ১৫ আগষ্টত তেজু বিমানবন্দৰত বিমানখনৰ উৰণ-অৱতৰণৰ পৰীক্ষণ কাৰ্য সম্পন্ন কৰা হৈছে।

airlineArunachal PradeshDA News PlusFlybig Airlines
Comments (0)
Add Comment