আজিৰে পৰা কিছু পৰিমাণে শিথিল শ্বিলঙৰ সান্ধ্য আইন

ডিজিটেল ডেক্স: বৰ্তমানেও শান্ত হোৱা নাই শ্বিলং। তাৰ মাজতে বুধবাৰৰ পুৱা ৫ বজাৰ পৰা বিয়লি ৪ বজালৈ শিথিল কৰা হৈছে কাৰ্ফিউ। মেঘালয় চৰকাৰে ঘোষণা কৰা এক নিৰ্দেশনা অনুসৰি বুধবাৰৰ পুৱা ৫ বজাৰ পৰা বিয়লি ৪ বজালৈ শিথিল হ’ব সান্ধ্য আইন। বিয়লি ৫ বজাৰ পৰা পুনৰ প্ৰযোজ্য হ’ব সান্ধ্য আইন। অৱশ্যে এইক্ষেত্ৰত অত্যাৱশ্যকীয় সেৱাসমূহ বিয়লি ৪ বজালৈকে খোলা থাকিব। লগতে ৰাজ্যিক, কেন্দ্ৰ চৰকাৰৰ কাৰ্যালয়, বেংক, ডাকঘৰ আৰু অন্যান্য প্ৰতিষ্ঠানসমূহ ৩০ শতাংশ কৰ্মচাৰীৰ উপস্থিতিত বিয়লি ৪ বজালৈকে খোলা থাকিব। ইয়াৰ পৰৱৰ্তী সময়ত পুনৰ কেতিয়া সান্ধ্য আইন শিথিল হ’ব সেই বিষয়ে এতিয়ালৈকে কোনো নিৰ্দেশনা প্ৰকাশ পোৱা নাই। উল্লেখ্য যে, মংগলবাৰে বিয়লি মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকৰ কনভয়ত কোনো অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে৷

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মংগলবাৰে মাওলাইৰ অসামৰিক সংগঠনসমূহৰ সৈতে এক আলোচনাত মিলিত হয়। সাক্ষাতকালত সংগঠনকেইটাই চৰকাৰে গঠন কৰা শান্তি সমিতিত যোগদান নকৰি তেওঁলোকৰ সিদ্ধান্তত অটল আছিল। আৰু তেওঁলোকৰ এই সিদ্ধান্তৰ কথা সংবাদমাধ্যমক অৱগত কৰে। মুখ্যমন্ত্ৰী চাংমাই শ্বিলং চহৰখনতেই নহয়, সমগ্ৰ ৰাজ্যখনতে শান্তি আৰু স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰৰ বাবে বিভিন্ন অংশীদাৰসকলৰ সমৰ্থন বিচাৰিছে।

CurfewDA News PlusRelaxation
Comments (0)
Add Comment