আজিৰে পৰা ৰাজ্যত কাৰ্যকৰী হৈছে ক’ভিড সম্পৰ্কীয় নতুন SOP, কি কি কঠোৰতা, কি কি শিথিলতা ?

আজিৰে পৰা ৰাজ্যত কাৰ্যকৰী হৈছে ক’ভিড সম্পৰ্কীয় নতুন SOP ৷ আজিৰে পৰা সন্ধিয়া ৬ বজালৈ খোলা থাকিব বাণিজ্যিক প্ৰতিষ্ঠান ৷ সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব কাৰ্ফিউ ৷

আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰতো বহুখিনি শিথিলতা অনা হৈছে ৷ ব্যক্তিগত যান-বাহনৰ ক্ষেত্ৰত আন্তঃজিলা যাতায়াতত অনুমতি ৷ ৰাজহুৱা পৰিবহণৰ ক্ষেত্ৰত বাহাল থাকিব পূৰ্বৰ নিষেধাজ্ঞা ৷ কামৰূপ মহানগৰত নাই আন্তঃজিলা যাতায়াতৰ অনুমতি ৷ কামৰূপ মহানগৰলৈ আন জিলাৰ পৰা অহা-যোৱা নিষিদ্ধ কৰা হৈছে ৷

ইপিনে যান-বাহনৰ ক্ষেত্ৰত নাথাকিব যুগ্ম-অযুগ্ম নম্বৰৰ নীতি ৷ হোটেল, বাৰ, ধাবাত সন্ধিয়া ৬ বজালৈ ৫০% লোকে বহি খাব পাৰিব ৷ সভা-সমিতিত সমবেত হ’ব পাৰিব ২০০জন লোক ৷ বিবাহ অনুষ্ঠান, অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত ২৫জনৰ অনুমতি দিয়া হৈছে ৷ সকলো নামঘৰ মুকলি, মানিব লাগিব সামাজিক দূৰত্ব ৷ ভাদ মাহৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত চৰকাৰৰ ৷

আনহাতে, কামাখ্যা মন্দিৰত ঘণ্টাত ২০জনে দৰ্শন কৰিব পাৰিব ৷ দুয়োপালি ড’জ লোৱা লোকেহে যাব পাৰিব মন্দিৰলৈ ৷ চৰকাৰী বিষয়া আৰু কৰ্মচাৰীলৈয়ো নতুন নিৰ্দেশনা ৷

AssamCovidDA News PlusNew GuidelineSOP
Comments (0)
Add Comment