ক’ৰোনাৰ নতুন SOP ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে, বুধবাৰৰ পৰা খুলিব আন্তঃজিলা যাতায়াত, কিন্তু…

ডিজিটেল ডেস্কঃ জনতা ভৱনত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰি ক’ভিডৰ নতুন SOP ঘোষণা কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা নীতি-নিয়মসমূহ বুধবাৰৰ পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হ’ব। সেইসমূহ এনেধৰণৰ-

  • সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ
  • সন্ধিয়া ৬ বজালৈ খোলা থাকিব বাণিজ্যিক প্ৰতিষ্ঠান
  • আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বহুখিনি শিথিলতা
  • ব্যক্তিগত যান-বাহনৰ ক্ষেত্ৰত আন্তঃজিলা যাতায়াতত অনুমতি
  • ৰাজহুৱা পৰিহবণৰ ক্ষেত্ৰত বাহাল থাকিব পূৰ্বৰ নিষেধাজ্ঞা
  • কামৰূপ মহানগৰত নাই আন্তঃজিলা যাতায়াতৰ অনুমতি
  • কামৰূপ মহানগৰলৈ আন জিলাৰ পৰা অহা-যোৱা নিষিদ্ধ
  • আন জিলাসমূহত আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত অনুমতি
  • যান-বাহনৰ ক্ষেত্ৰত নাথাকিব যুগ্ম-অযুগ্ম নম্বৰৰ নীতি
  • চিনেমা হলৰ ক্ষেত্ৰত পূৰ্বৰ নিষেধাজ্ঞাই বাহাল থাকিব
  • হোটেল, বাৰ, ধাবাত সন্ধিয়া ৬ বজালৈ ৫০% বহি খাব পাৰিব
  • সভা-সমিতিত সমবেত হ’ব পাৰিব ২০০জন লোক
  • বিবাহ অনুষ্ঠান, অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত ২৫জনৰ অনুমতি
  • প্ৰেক্ষাগৃহ, ৰাজহুৱা সভাগৃহত ৫০ শতংশ লোকৰ অনুমতি
  • অৱশ্যে যোৱাসকলে ল’ব লাগিব ভেকচিনৰ দুয়োটা ড’জ
  • সকলো নামঘৰ মুকলি, মানিব লাগিব সামাজিক দূৰত্ব
  • ভাদ মাহৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত চৰকাৰৰ
  • কামাখ্যা মন্দিৰত ঘণ্টাত ২০জনে দৰ্শন কৰিব পাৰিব
  • দুয়োপালি ড’জ লোৱা লোকেহে যাব পাৰিব মন্দিৰলৈ
  • অন্য ধৰ্মীয় স্থানত ঘণ্টাত ১০জন লোকৰ অনুমতি
  • মেডিকেল-ইঞ্জিনিয়াৰিঙৰ চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হ’ব
  • এইক্ষেত্ৰত সকলোৱে ল’ব লাগিব ভেকচিনৰ দুয়োটা ড’জ
  • দুয়োটা ড’জ লোৱা যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব বিমানেৰে
  • যাত্ৰীয়ে দেখুৱাব লাগিব শেহতীয়াকৈ টেষ্ট কৰা প্ৰমাণ-পত্ৰ
  • চৰকাৰী বিষয়া আৰু কৰ্মচাৰীলৈয়ো নতুন নিৰ্দেশনা
  • কমেও এপালি ভেকচিন লোৱাসকল কাৰ্যালয়লৈ যাব লাগিব
  • ৩ বছৰৰ তলৰ শিশুৰ মাতৃয়ে ঘৰৰ পৰাই কাম কৰিব পাৰিব
CovidDA News PlusSOP
Comments (0)
Add Comment