মেঘালয়ৰ গৃহমন্ত্ৰী লাহকমেন ৰিম্বুৰ পদত্যাগ

ডিজিটেল ডেক্স, মেঘালয়: শ্বিলঙত অশান্ত জৰ্জৰ পৰিৱেশৰ মাজতে দেওবাৰে মেঘালয়ৰ গৃহমন্ত্ৰী লাহকমেন ৰিম্বুৱে প্ৰাক্তন এইচএনএলচি উগ্ৰপন্থী চেষ্টাৰফিল্ড থাংখিউৰ সংঘৰ্ষৰ কথা উল্লেখ কৰি পদত্যাগ কৰে। মুখ্যমন্ত্ৰী কনৰাড চাংমালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৰিম্বুৱে। লগতে উক্ত পত্ৰযোগে শ্বিলঙৰ এনকাউন্টাৰ সম্পৰ্কত ন্যায়িক তদন্তৰ প্ৰস্তাৱ দিয়ে ৰিম্বুৱে।

প্ৰাক্তন HNLC নেতা চেষ্টাৰফিল্ড থাংখিউৰ হত্যাৰ বিৰুদ্ধে সাব্যস্ত কৰা তীব্ৰ প্ৰতিবাদৰ সময়তে অগ্নিগৰ্ভা হৈ পৰে শ্বিলঙৰ পৰিস্থিতি।

প্ৰথমে মাওলাই এলেকাত উন্মাদ লোকে এখন আৰক্ষীৰ বাহনলৈ শিলাবৰ্ষণ কৰে তাৰ পিছত পথত ৰখাই থোৱা এখন চৰকাৰী বাহন জ্বলাই দিয়ে।

পৰিস্থিতি উত্তপ্ত হৈ পৰাত ৰাজ্য চৰকাৰে শ্বিলঙত সান্ধ্য আইন জাৰি কৰাৰ লগতে মেঘালয়ৰ ৪খন জিলাত ইন্টাৰনেট সেৱা সম্পূৰ্ণৰূপে বাতিল কৰা হয়। ১৭ আগষ্টলৈকে শ্বিলঙত সান্ধ্য আইন জাৰি ৰখা হ’ব।

ৰাজ্য চৰকাৰে চাৰিখন জিলাত সন্ধিয়া ৬ বজাৰ পৰা ৪৮ ঘণ্টাৰ বাবে মোবাইল ইণ্টাৰনেট সেৱা স্থগিত ৰাখে। এই চাৰিখন জিলা হৈছে – পূব খাচী পাহাৰ, পশ্চিম খাচী পাহাৰ, দক্ষিণ পশ্চিম খাচী পাহাৰ আৰু ৰি-ভোই জিলা।

DA News PlusMeghalaya Home Minister ResignShillong Tense
Comments (0)
Add Comment