স্বাধীনতা দিৱসৰ দিনা মৰাণত অৱহেলিত ৰূপত পৰি ৰ’ল জাতীৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি

ডিজিটেল সংবাদ, মৰাণঃ দেশবাসীয়ে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়তে মৰাণ টাউন তথা মৰাণ নাহৰকটীয়া তিনিআলিত থকা মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত গান্ধী উদ্যানত জাতীৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি অৱহেলিত ৰূপত পৰি ৰয়। উল্লেখ্য যে, হাবি-জংঘলেৰে আৱৰি ধৰা গান্ধী উদ্যানত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি বিভাগীয় কৰ্তৃপক্ষই চাফ-চিকুন কৰি ৰাখিব লাগিছিল যদিও সেয়া পৰিলক্ষিত নহ’ল।

আনহাতে মৰাণতে মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত থকা জাতীৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি সুন্দৰভাৱে সজাই ৰাখিছে। ইয়াকে লৈ মৰাণত স্বাধীনতা দিৱসৰ দিনা সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

DA News PlusMahatma GandhiMoran
Comments (0)
Add Comment