মন্ত্ৰী পীয়ুষ হাজৰিকাই পৰিভ্ৰমণ কৰাৰ পাছতেই ঢকুৱাখনাত ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ গৰাখহনীয়া এতিয়া প্ৰধান সমস্যা হৈ পৰিছে বান্দেনা- বাঘচুক অঞ্চলৰ ৰাইজৰ বাবে। ব্ৰহ্মপুত্ৰ নৈৰ পানী আকৌ ওফন্দি উঠাৰ লগে লগেই আৰম্ভ হৈছে ব্যাপক গৰাখহনীয়া। কৃষকৰ মূল্যবান কৃষিভূমি জাঁহ গৈছে ব্ৰহ্মপুত্ৰ নৈত। গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত বান্দেনা, বাঘচুকে আদি কৰি খেৰকটামুখ ৰাইজলৈ।

চপৰা চপৰে গৰা খহাৰ ফলত নিজৰ কৃষি ভূমিৰ লগতে গাওঁসমূহ খুব কম দিনৰ ভিতৰতে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাঁহ যোৱাৰ শংকাত ভুগিছে নৈপৰীয়া ৰাইজে। উল্লেখ্য যে, যোৱা মে’ মাহতে জল সম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই ব্ৰহ্মপুত্ৰ নৈৰ পূৱ-ঢকুৱাখনা পঞ্চায়তৰ বান্দেনা অঞ্চল পৰিদৰ্শন কৰি গৈছিল হে মাথো, তাৰ পিছৰে পৰা মাতমৰা আৰু পূৱ-ঢকুৱাখনা অংশত ৰুদ্ৰমূৰ্তি ধাৰণ কৰি ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াই তীব্ৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে।

উক্ত খহনীয়াৰ নামত প্ৰতি বছৰে কোটি কোটি টকা ব্যয় কৰাৰ পিছতো আজি তাৰিখলৈ কোনো ধৰণৰ স্হায়ী সমাধান কৰিব পৰা নাই৷ বৰ্তমান সময়ত যিটো অংশত গৰাখহনীয়া অব্যাহত আছে তাতে মন্ত্ৰীগৰাকীয়ে গঞা ৰাইজক জনাইছিল যে বাৰিষাৰ সয়মত কোনো ধৰণৰ আঁচনি ৰূপায়ন কৰিব নোৱাৰিম৷ খৰালি অহাৰ লগে লগে খহনীয়া স্হায়ী সমাধানৰ বাবে ১০ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে৷

এই পৰ্য্যন্ত কিন্তু উক্ত অঞ্চলত গৰাখহনীয়া ৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। অতি শীঘ্ৰে বিহিত ব্যৱস্থা নকৰিলে খেতি পথাৰৰ লগতে চিচি-টেকেলীফুটা সুৰক্ষা কৱচ মথাউৰিলৈ ভাবুকি অহাটো নিশ্চিত। সেয়ে চৰকাৰক সময় থাকোতেই প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে অঞ্চলবাসীয়ে।

DA News PlusDhakuakhanaErosion
Comments (0)
Add Comment