৪ বছৰে কলিয়াবৰৰ কলংপৰীয়া বানাক্ৰান্তই নাপালে ক্ষতিপূৰণ

ডিজিটেল সংবাদ, কলিয়াবৰঃ ৪ বছৰে কলিয়াবৰৰ কলংপৰীয়া বানাক্ৰান্তই নাপালে ক্ষতিপূৰণ৷ ২০১৭ চনৰ ১২ আগষ্টৰ পুৱতি নিশা হাতীমুৰা বান্ধ ভাঙি জলপ্ৰলয় হৈছিল সমগ্ৰ কলিয়াবৰত। বান্ধ ভাঙি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কলংপৰীয়া ৰাইজৰ ঘৰ-দুৱাৰ বুৰাই পেলোৱাৰ লগতে খহাই নিছিল মাটি-ভেটি। কিন্তু আজিও বানাক্ৰান্ত ৰাইজে নাপালে চৰকাৰী সাহায্যৰ ফুটাকড়ি এটাও৷

২০১৮ৰ ৮ আগষ্টত কলিয়াবৰ মহকুমা প্ৰশাসনে বানাক্ৰান্তসকলৰ মাজত বিলাইছিল কেইখনমান ডেম’ চেক। পৰৱৰ্তী সময়ত বানাক্ৰান্তৰ সাহাৰ্য্যৰ তালিকাত ব্যাপক বিসংগতি হোৱাত প্ৰশাসনে বাতিল কৰিছিল হিতাধিকাৰীৰ তালিকা৷

পুনৰ বানত ক্ষতিগ্ৰস্ত ৪,৯৪৮টা পৰিয়ালক মুঠ ৮ কোটি ৮৪ লাখ ৭২ হাজাৰ ১০০ টকাৰ মঞ্জুৰী পত্ৰ প্ৰদান কৰিছিল প্ৰশাসনে। কিন্তু বান পানীত ক্ষতি গ্ৰস্ত পৰিয়ালৰ বিপৰীতে পানী নোসোমোৱা লোক সকলৰ নাম তালিকাত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগত প্ৰশাসনে বন্ধ কৰি দিছিল সেই মঞ্জুৰী পত্ৰৰ কামো। যাৰ পৰিণতিত বানত ক্ষতিগ্ৰস্ত পৰিয়ালে আজিও নাপালে ক্ষতিপূৰণ।

DA News PlusFloodKaliabor
Comments (0)
Add Comment