জন আশীৰ্বাদ যাত্ৰাৰে অসমলৈ আদৰি অনা হ’ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক, জানক সম্পূৰ্ণ কাৰ্যসূচী

ডিজিটেল সংবাদ, গুৱাহাটীঃ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে অসমলৈ আহিব সৰ্বানন্দ সোণোৱাল। সোণোৱালক আদৰিবলৈ ব্যাপক প্ৰস্তুতি ৰাজ্যিক বিজেপিৰ। জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচীৰে সোণোৱালক আদৰিব বিজেপিয়ে। ২১, ২২ আৰু ২৩ আগষ্টত ‘জন আশীৰ্বাদ যাত্ৰা’ কাৰ্যসূচী অনুষ্ঠিত হ’ব। ৬খন জিলাৰ ৪টা লোকসভা সমষ্টিত হ’ব ‘জন আশীৰ্বাদ যাত্ৰা’। গুৱাহাটী, মৰিগাঁও, কলিয়াবৰ, নগাঁও, যোৰহাট, শিৱসাগৰত এই কাৰ্যসূচী।

‘ক’ভিড প্ৰট’কল ৰক্ষা কৰি ১৮টা কাৰ্যক্ৰমত অনুষ্ঠিত হ’ব এই যাত্ৰা’। ২১ আগষ্টত বিমানবন্দৰত আদৰণি জনাব সৰ্বানন্দ সোণোৱালক। ২১ আগষ্টৰ নিশা গুৱাহাটীতে কটাব কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে। ২২ আগষ্টত জাগীৰোডৰ পৰা আৰম্ভ হ’ব সোণোৱালৰ কাৰ্যসূচী। সেইদিনাই নগাঁও আৰু কলিয়াবৰ লোকসভা সমষ্টিত কাৰ্যসূচী।

২২ আগষ্টৰ নিশা কাজিৰঙাৰ কঁহৰাত কটাব সৰ্বানন্দ সোণোৱালে। ২৩ আগষ্টত কাজিৰঙাৰ পৰা যাত্ৰা আৰম্ভ কৰি সামৰণি মাৰিব ডিমৌত। গুৱাহাটীৰ বিভিন্ন ঠাইত অংশ ল’ব কেইবাটাও কাৰ্যসূচীত। বিমানবন্দৰ পৰা পোনেপোনে গৈ আজাৰাত ভাগ ল’ব এখন সভাত। তাৰ পিছত সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত উপস্থিত হ’ব সৰ্বানন্দ সোণোৱাল।

সুধাকণ্ঠৰ সমাধিক্ষেত্ৰৰ পৰা গৈ উপস্থিত হ’ব পাণ্ডু প’ৰ্টত। পাণ্ডু প’ৰ্টত বিষয়-ববীয়াসকলৰ সৈতে মিলিত হ’ব বৈঠকত।
এই বৈঠকৰ পিছতে কামাখ্যা মন্দিৰ দৰ্শন কৰিব কেন্দ্ৰীয় মন্ত্ৰীজনে। কামাখ্যা দৰ্শনৰ পিছত সৰ্বানন্দ সোণোৱাল যাব মাছখোৱালৈ।
প্ৰধানমন্ত্ৰীৰ নিৰ্দেশমৰ্মে এই জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী।

কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈছিল নতুনকৈ ৪৩ মন্ত্ৰী। মন্ত্ৰীসকলক আদৰণি জনাবৰ বাবেই প্ৰতিখন ৰাজ্যত এই কাৰ্যসূচী। হেঙেৰাবাৰীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত এই উদ্দেশ্যে সংবাদমেল। ৰাজ্যিক উপ-সভাপতি পুলক গোহাঁইয়ে সংবাদমেলত প্ৰকাশ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ কাৰ্যসূচী।

Ashirbad YatraDA News PlusSarbananda Sonowal
Comments (0)
Add Comment