এইবাৰ ধন আত্মসাতত নামিল প্ৰধান শিক্ষক, ছাত্র-ছাত্ৰীৰ ধন আত্মসাৎ কৰি ৰঙাঘৰৰ আলহী হ’ল প্ৰধান শিক্ষক

‌অভয়াপুৰীত ছাত্র-ছাত্ৰীৰ ধন আত্মসাৎ কৰি ৰঙাঘৰৰ আলহী হল সন্তোষপুৰ এম ভি স্কুলৰ প্ৰধান শিক্ষক আজগৰ আলী।আৰক্ষীয়ে অভিযান চলাই নলবাৰী জিলাৰ মুকালমুৱাৰ আবুল বাছাৰৰ ঘৰত লুকাই থকা অৱস্থাত আটক কৰে পলাতক প্ৰধান শিক্ষক আজগৰ আলীক।

বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল, ইউনিফৰ্ম, বিদ্যালয়ৰ আন্ত:গাথনি আদিৰ আবন্টিত ধন খেলিমেলিৰ অভিযোগ আছিল প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে। প্ৰায় ৮ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ আছে প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে।

বঙাইগাঁও জিলা অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজাৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৯ ধাৰাত ৮৯/২১ নম্বৰত মেৰেৰচৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে প্ৰধান শিক্ষকগৰাকীক।

AbhayapuriDA News Plus
Comments (0)
Add Comment