শৰ্মা নেতৃত্বাধীন চৰকাৰৰ সকলো শূন্য সহনশীল নীতিক কালিমা সানিছে একাংশই বিষয়া-কৰ্মচাৰীয়ে

ডিজিটেল সংবাদ, বৰপেটা: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ সকলো শূন্য সহনশীল নীতিক কালিমা সানিছে একাংশই বিষয়া-কৰ্মচাৰীয়ে। মুখ্যমন্ত্ৰী শৰ্মাই নতুন চৰকাৰ গঠন কৰাৰ পাছতে সকলো ক্ষেত্ৰতে দুৰ্নীতিৰ বিৰুদ্ধে ব্যাপক তৎপৰ হোৱা পৰিলক্ষিত হৈছে। সকলো বিভাগকে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল হ’বলৈ দিয়াৰ পাছতো একাংশই বিষয়া-কৰ্মচাৰীয়ে চৰকাৰী বিভাগক দাগ লগাই চৰকাৰ ভাৱমূৰ্তি বিনষ্ট কৰি আহিছে। এনে এক বিভাগ হৈছে পৰিবহন বিভাগ।

পৰিবহন বিভাগৰ একাংশ কৰ্মচাৰী তথা যান-বাহন আৰক্ষীয়ে নিশা এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি সামগ্ৰী কঢ়িওৱা বাহনক অভাৰ লোড (অতিৰিক্ত বোজা) দেখুৱাই দৈনিক সংগ্ৰহ কৰে হেজাৰ হেজাৰ টকাৰ অবৈধ মাচুল। ইয়াৰ উপৰিও, যান-বাহন আৰক্ষীয়ে মাচুল সংগ্ৰহ কৰাৰ বাবদ কোনো ধৰণৰ ৰচিদ নিদিয়াৰো ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ব’লেৰো পিক্আপ মালিক তথা চালক সন্থাই। ৰচিদ দিলেও যান-বাহন আৰক্ষীক অতিৰিক্তকৈ দিব লগা হয় ১৫ৰ পৰা ২০ হেজাৰ টকালৈ পকেট মাচুল। যাৰ ফলত সংকটত ভূগিছে ব’লেৰো পিক্আপ মালিক তথা চালকসকল।

দেওবাৰে হাউলীৰ ৰাষ্ট্ৰীয় ঘাইপথত ব’লেৰো পিক্আপৰ মালিক তথা চালকসকলে শতাধিক বাহন ৰখাই তাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে যান-বাহন আৰক্ষীয়ে নিশাৰ অন্ধকাৰত ডকাইতৰ দৰে আগভেটি ধৰি মোবাইল, গাড়ীৰ চাবি কাঢ়ি নি চালকক দুৰ্ব্যৱহাৰ কৰি আহিছে। বিশেষকৈ এনে ঘটনা বৰপেটা, বাক্সা, নলবাৰী, বঙাইগাঁও, কামৰূপ আৰু কামৰূপ (মেট্ৰ’) জিলাৰ যান-বাহন পৰিদৰ্শকৰ দলে সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে হাউলীৰ ব’লেৰ পিক আপ চালক সন্থাই। সম্প্ৰতি অতিষ্ঠ হৈ পৰিছে।

উল্লেখ্য যে, অসমৰ বাহিৰে দেশৰ অন্যান্য ৰাজ্যত মালবাহী চাৰিচকীয়া বাহনৰ পৰা অতিৰিক্ত বোজা কঢ়িওৱাৰ বাবদ কোনোধৰণৰ জৰিমনা সংগ্ৰহ নকৰে বুলি হাউলী ব’লেৰো পিক বাহনৰ মালিক তথা চালক সন্থাৰ সভাপতি নজৰুল ইছলামে জানিবলৈ দিয়ে। দেওবাৰে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ব’লেৰো পিকআপ চালকক আনাগত দিনত এনে দুৰ্ব্যৱহাৰ তথা হাৰাশাস্তি নকৰিবলৈ অসম চৰকাৰৰ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনায়। অন্যথা মালবাহী বাহন অসমত চলাচল বন্ধ কৰাৰ হুংকাৰ দিয়ে চালক সন্থাই।

Barpeta protestDA News PlusDriver Protest
Comments (0)
Add Comment