ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ সু-খবৰ, অসমীয়া চলচ্চিত্ৰ ‘বেলকনিত ভগৱান’লৈ “Honourable Mention Award”

ক’ৰনাসৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ সু-খবৰ। ‘বেলকনিত ভগৱান’ অসমীয়া চলচ্চিত্ৰলৈ “Honourable Mention Award”

এই সন্মান আগবঢ়াইছে ব্ৰাজিলৰ লাছাত অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে।পূৰ্বৰে পৰা ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত চৰ্চিত হৈ অহা ‘বেলকনিত ভগৱান’ চলচ্চিত্ৰখনে পুনৰ আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত সন্মান বুটলিবলৈ সক্ষম হৈছে ।

ইপিনে জানিব পৰা মতে, অষ্ট্ৰেলিয়াৰ মেলবৰ্নত ১২ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব লগীয়া আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰ এৱাৰ্ডৰ বাবে মনোনয়ন লাভ কৰিছে অসমীয়া চলচ্চিত্ৰ ‘বেলকনিত ভগৱানে’।

আনহাতে, দেৰগাঁও সাহিত্য সভা ভৱনত এক সংবাদমেলযোগে ‘বেলকনিত ভগৱান’ৰ প্ৰযোজক নুৰুল চুলতানে এই পৰ্য্যন্ত চলচ্চিত্ৰখনে লাভ কৰা সফলতা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। দেৰগাঁৱৰ প্ৰযোজক নুৰুল চুলতানৰ সফলতাত স্থানীয় লকসকলেও শুভেচ্চা জ্ঞাপন কৰে ।

AssameseBelkonit BhagawanDA News PlusFilm
Comments (0)
Add Comment