ৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপত জিলিকিল মৰাণৰ ২ কিশোৰ , স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম দুই কিশোৰ

ৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপত মৰাণৰ দুই কিশোৰৰ সোণৰ পদক অৰ্জন ৷ মথুৰাত অনুষ্ঠিত হোৱা প্ৰথম মুকলি ৰাষ্ট্ৰীয় টাইকোৱানডো চেম্পিয়নশ্বিপত বিপ্লৱ কুমাৰ গোস্বামী আৰু নিতেশ আগৰৱালে জয় কৰে সোণৰ পদক ৷ বিপ্লৱ কুমাৰ গোস্বামীয়ে ২৩ কেজি শাখাত আৰু নিতেশ আগৰৱালে ৪১ কেজি শাখাত এই সাফল্য অৰ্জন কৰে।

ইপিনে, মৰাণত উপযুক্ত খেল পথাৰ আছে যদিও ছাত্ৰ-ছাত্ৰীৰ অনুশীলনৰ বাবে খেলপথাৰ অনুপযুক্ত হোৱাত নানা সমস্যাৰ সন্মুখীন হৈ আহিছে ছাত্ৰ-ছাত্ৰীসকল ৷ খেলপথাৰসমূহৰ উন্নতি সাধি ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নীত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে অভিভাৱকসকলে ৷

DA News PlusGold MedalistMoran
Comments (0)
Add Comment