মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত প্ৰাপ্য বিচাৰি শ্ৰেণীকোঠা এৰিলে শিক্ষকে

ডিজিটেল সংবাদ, বাইহাটাঃ জালুকবাৰী সমষ্টিৰ গোগ মধ্য ইংৰাজী বিদ্যালয়ত ২০১৭ চনৰ শিক্ষা আইন মতে বাদ পৰা শিক্ষক সকলে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে বিদ্যালয় চৌহদ। ২০০৫ চনত স্বীকৃতি প্ৰাপ্ত বিদ্যালয় সমূহত পাচজন শিক্ষকৰ পৰিৱৰ্তে চলিত বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত মাত্ৰ তিনি জন শিক্ষকৰ পদহে প্ৰাদেশিকীকৰণ কৰা হয়।

যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন বিদ্যালয়ৰ কৰ্মৰত পাচজন  শিক্ষকৰ দুজনকৈ শিক্ষক বঞ্চিত হবলগীয়া হৈছিল। বঞ্চিত শিক্ষকসকলে চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত বাতিল কৰি আইনখন পুনৰ সংশোধন কৰাৰ বাবে দাবী উত্থাপন কৰে। চলিত বাজেট অধিবেশনতে যাতে এই আইনখন সংশোধন কৰাৰ বাবে  ব্যৱস্থা লয় ইয়াৰ বাবে বঞ্চিত শিক্ষক সকলে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী গৰাকীক  হাতজোৰ কৰি প্ৰাৰ্থনা কৰে।

যাতে এইসকল শিক্ষককো সন্মান পূৰ্বক ভাবে জীয়াই থকাৰ অধিকাৰ দিয়ে। বঞ্চিত শিক্ষক সকলৰ এই  ন্যায্য দাবীৰ প্ৰতি প্ৰগতিশীল চৰকাৰখনে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে। অন্যথাই বিশ-ত্ৰিশ বছৰ ধৰি মানৱ সম্পদ গঢ়া এই সকল শিক্ষকে চৰম বঞ্চনাৰ বাবে এতিয়া টিল-টিলকৈ নিঃশেষ হৈ যাব বুলিও আক্ষেপেৰে মন্তব্য প্ৰকাশ কৰে। 

DA News PlusJalukbariProtestTeacher
Comments (0)
Add Comment