ৰাজ্যত অব্যাহত চিলনী চোৰৰ সন্ত্ৰাস, এইবাৰ গাত বান্দৰ কেকোৱা লগাই দুবৃত্তই লুটি নিলে দুই লাখকৈ টকা

ৰাজ্যৰ সমান্তৰালকৈ নলবাৰীতো এইবাৰ বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস। নলবাৰীৰ গোবৰাদলৰ প্ৰফুল্ল নাৰায়ণ দাস নামৰ এজন A G অফিচৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পৰা চিলনী চোৰে লুটি নিয়ে দুই লাখ টকা ৷

জানিব পৰা মতে, গাত বান্দৰ কেকোৱা চটিয়াই দুবৃত্তই লুটি নিয়ে দুই লাখ টকা ৷ নলবাৰী চহৰৰ ষ্টেট বেংকৰ পৰা ধন উলিয়াই ওলাই অহা মুহুৰ্ততে ঘটে এই ঘটনা ৷ ৰাইজৰ অভিযোগ অনুসৰি আৰক্ষীৰ নিস্ক্ৰিয়তাৰ বাবেই নলবাৰীত পুনৰ বৃদ্ধি পাইছে লুটপাতৰ ঘটনা ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী লোকজনে।

DA News PlusNalbariThief
Comments (0)
Add Comment