আজি গোপীনাথ বৰদলৈৰ মৃত্যুবাৰ্ষিকী

ডিজিটেল সংবাদ, গুৱাহাটী: গোপীনাথ বৰদলৈৰ আজি মৃত্যুবাৰ্ষিকী। তেওঁ আছিল স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী। ৰাজনীতিৰ ক্ষেত্ৰত তেখেত মহাত্মা গান্ধীৰ অহিংসা নীতিৰ সমৰ্থক আছিল। অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ধৰ্মৰ ভিত্তিত ভাৰত বিভাজনৰ সময়ত মুছলিম লীগে সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে আলোচনা কৰি অসমখন সেই সময়ৰ পূব পাকিস্তা আৰু বৰ্তমানৰ বাংলাদেশৰ অংশ কৰিব বিচাৰিছিল যদিও বৰদলৈৰ প্ৰবল বিৰোধিতাৰ বাবে অসম বাংলাদেশৰ অংশ হোৱাৰ পৰা ৰক্ষা পৰে।

১৮৯০ চনৰ ৬ জুনত নগাঁৱৰ ৰহাত বৰদলৈৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল বুদ্ধেশ্বৰ বৰদলৈ আৰু মাতৃ প্ৰাণেশ্বৰী বৰদলৈ। ১৯৫০ চনৰ ৫ আগষ্টত গোপীনাথ বৰদলৈয়ে ইহলীলা সম্বৰণ কৰে।

DA News PlusDeath AnniversaryGopinath Bordoloi
Comments (0)
Add Comment