পুনৰ টোলগেটত অঘটন! চিনেমাৰ দৰে এগৰাকী টোল কৰ্মচাৰীক চোঁচৰাই নিলে এখন বিলাসী বাহনে

পুনৰ টোলগেটত অঘটন। মদনপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটত ঘটিছে এই অঘটন ৷ চিনেমাৰ দৰে এগৰাকী টোল কৰ্মচাৰীক চোঁচৰাই নিলে এখন বিলাসী বাহনে। টোল সংগ্ৰহৰ উদ্দেশ্য হাত আগবঢ়ায় দিছিল বাহনখনৰ ভিতৰলৈ ৷ সেই মূহুৰ্ততে চালকজনে খিৰিকীৰ গ্লাচ বন্ধ কৰি দিয়াত আবদ্ধ হৈ পৰে কৰ্মচাৰীজন হাতখন।

আৰু তীব্ৰ বেগেৰে বিলাসী গাড়ীখন চলাই নিয়াত কৰ্মচাৰীজনো চুচৰি যায় প্ৰায় ২০০ মিটাৰপৰ্যন্ত ৷ পিছত স্থানীয় ৰাইজৰ সহযোগত বিলাসী গাড়ীখন আবদ্ধ কৰাৰ লগতে কৰ্মচাৰীজনক উদ্ধাৰ কৰে। পিছত চাংসাৰী আৰক্ষী থানাত টোলগেট কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত ৰজু কৰে এক গোচৰ।

CarDA News PlusMadanpurTollgate
Comments (0)
Add Comment