ছেমি ফাইনেলত পৰাস্ত অসম কন্যা লাভলীনা বৰগোঁহাই

ডিজিটেল সংবাদ, গুৱাহাটী: ছেমি ফাইনেলত অসম কন্যা লাভলীনা বৰগোঁহাইৰ পৰাজয়। তুৰস্কৰ প্ৰতিযোগী চাৰ্মেনেলীৰ হাতত পৰাস্ত গোলাঘাটৰ জীয়ৰী লাভলীনা বৰগোঁহাই। বুধবাৰে পদক জয়ৰ লক্ষ্যৰে কোৱাৰ্টাৰ ফাইনেলৰ ৰিঙত নামিছিল লাভলীনা। জার্মানীৰ শক্তিশালী প্রতিদ্বন্দ্বীক পৰাস্ত কৰি অসমৰ উদীয়মান বক্সাৰগৰাকীয়ে মঙলবাৰে ‘গ্রেটেষ্ট শ্ব’ অন আর্থ’ৰ কোৱার্টাৰ ফাইনেললৈ স্থান লাভ কৰিছিল।

২০১৮ চনৰ বিশ্ব বক্সিং চেম্পিনশ্বিপৰ ছেমিফাইনেলত অসমৰ তাৰকা বক্সাৰগৰাকীয়ে চাইনীজ টাইপেৰ চিন চেনৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছিল। তথাপিও ব্ৰঞ্জৰ পদক নিশ্চিত অসমকন্যা লাভলীনাৰ। লাভলীনাৰ এই সাফল্য প্ৰতিজন ভাৰতীয়, অসমবাসীৰ বাবে চিৰকাললৈ স্মৰণীয় হৈ থাকিব। অলিম্পিকত পদক জয়ী প্ৰথমগৰাকী অসমীয়া লাভলীনা বৰগোঁহাই।

DA News PlusLovelina Borgohai LoseTokyo Olympic
Comments (0)
Add Comment