যোৰহাটত বৃদ্ধি পাইেছ লুটপাতৰ ঘটনা, বাইকত অহা দুই দুৰ্বৃত্তই লুটিলে ৪০ হাজাৰ টকা

যোৰহাটত বৃদ্ধি পাইেছ লুটপাতৰ ঘটনা ৷ জে বি ৰোডত দিন দুপৰতে বাইকত অহা দুই দুৰ্বৃত্তই এজন যুৱকৰ পৰা লুটিলে ৪০ হাজাৰ টকা ৷ আৰপি এজেন্সী নামৰ এক প্ৰতিষ্ঠানত কৰ্মৰত যুৱকজনে এজেঞ্চীৰ সংগৃহীত ধন লৈ যাওতেই দুই বাইক আৰোহীয়ে ধন লৈ উধাও হয় ৷

আনহাতে দুদিনমান পূৰ্বেও যোৰহাটৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ৮০ হাজাৰ টকা লৈ উধাও হৈছিল দুৰ্বৃত্তই ৷ পুনৰ যোৰহাটত দিন দুপৰতে সংঘটিত ধন লুটৰ ঘটনাই এতিয়া শংকিত কৰি তুলিছে সমগ্ৰ যোৰহাটবাসীক ৷

DA News PlusJorhatThief
Comments (0)
Add Comment