কাইলৈ ছেমি ফাইনেলৰ ৰিঙত নামিব লাভলীনা, অসম কন্যাৰ সফলতাৰ বাবে ৰাজ্যজুৰি প্ৰাৰ্থনা

টকিঅ’ অলিম্পিকত অসম কন্যা লাভলীনা বৰগোহাঁইয়ে সাফল্য আঁজুৰি অনাৰ আশাৰে গোলাঘাটতো অসম মুছলিম কল্যাণ পৰিষদৰ উদ্যোগত কৰা হৈছে দোৱা ৷ গোলাঘাটৰ জীয়ৰী লাভলীনাৰ মংগলৰ বাবে গোলাঘাটৰ চান্দমাৰীস্থিত মাজাৰ শ্বৰীফ দৰগাহত মাজাৰ পৰিচালনা সমিতি, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ উদ্যোগত সকলোৱে মম জ্বলাই দোৱা কৰে ৷

গোলাঘাটৰ বিভিন্ন দল-সংগঠনৰ লগতে প্ৰতিঘৰ লোকৰ ঘৰতেই প্ৰাৰ্থনা কৰিছে যাতে লাভলীনা সোনৰ পদক লাভ কৰি ৰাজ্যবাসীৰ লগতে দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনে ৷

DA News PlusGolaghatLovlina
Comments (0)
Add Comment